July 19, 2026 12:38 PM | Amarnath Yatra

printer

প্ৰতিকূল বতৰৰ বাবে পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত

জম্মু আৰু কাশ্মীৰত প্ৰতিকূল বতৰৰ পূর্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক ব্যৱস্থা হিচাপে আজিৰে পৰা পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত ৰখা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ অহা কেইদিনমান বেয়া বতৰৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে।

তেওঁ জানিবলৈ দিয়ে যে পৰৱৰ্তী জাননী জাৰি নকৰালৈকে ভক্তসকলক বালটাল আৰু নুনৱান/ চন্দনৱাৰী বেছ কেম্পৰ পৰা আগলৈ যোৱাৰ অনুমতি দিয়া নহ’ব। বতৰৰ পৰিস্থিতিৰ বিস্তৃত মূল্যায়নৰ অন্তত এই পথসমূহৰে নিৰাপদ ঘোষণা কৰাৰ পাছতহে যাত্ৰা পুনৰ আৰম্ভ হ’ব।

উল্লেখযোগ্য যে, বর্তমানলৈকে শ্রীঅমৰনাথ জীৰ পৱিত্ৰ গুহাত ৩ লাখ ৭ হাজাৰ ভক্তই সেৱা জনাইছে। যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা এইবাৰৰ পৱিত্ৰ অমৰনাথ জীৰ যাত্রা ২৮ আগষ্টত অন্ত পৰিব।