বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে কৈছে যে, প্রায় ৭ শতাংশ আনুমানিক বিকাশৰ হাৰেৰে ২০২৭ চনত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। কালি লাওছত পূব- এছিয়াদেশসমূহৰ বিত্ত মন্ত্ৰীসকলৰ দ্বাদশ সন্মিলনত অংশগ্ৰহণ কৰি গোৱেলে এইদৰে কয়। গোৱেলে এই মঞ্চক শক্তিশালী কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে আৰু শান্তি, স্থিৰতা আৰু অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত এই মঞ্চৰ ভূমিকাৰ শলাগ লয়। গোৱেলে লগতে বিশ্ব বাণিজ্য সংস্থাক মুক্ত, স্বচ্ছ আৰু অন্তৰ্ভুক্তিমূলক কৰাৰ উদ্দেশ্যে ইয়াৰ সংস্কাৰৰ ক্ষেত্ৰত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও আলোচনাত মিলিত হয় আৰু উভয় দেশৰ দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰে।
Assamese | September 22, 2024 11:09 AM | Piyush Goyal
প্রায় ৭ শতাংশ বিকাশৰ হাৰেৰে ২০২৭ চনত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছেঃ পীযূষ গোৱেল