আজি বিশ্ব হাস্য দিৱস। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ শ্বহীদ বাকৰিত শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ শ্যামা প্ৰসাদ শইকীয়া, প্ৰদীপ বৰুৱা, ডাঃ বিশ্বৰঞ্জন কলিতা, যতিন কোচে মানৱ শৰীৰৰ বাবে হাঁহিৰ উপকাৰিতা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। চিকিৎসককেইজনে প্রাপ্তবয়স্ক অৱস্থাত হাঁহিৰ পৰিমাণ কমি যোৱাৰ বাবে মানৱ শৰীৰত ৰোগ-ব্যাধি বৃদ্ধি পাই বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ১৯৯৮ চনৰ জানুৱাৰীত মুম্বাইত মদন কাটাৰিয়া এজন লোকে আৰম্ভ কৰা আনুষ্ঠানিক হাঁহিৰ কাৰ্যসূচীক ৰাষ্ট্ৰসংঘই ২০০১ চনৰ পৰা মান্যতা দি প্ৰতি বছৰে মে’ মাহৰ প্ৰথম দেওবাৰটো বিশ্ব হাস্য দিৱস বুলি ঘোষণা কৰে। এইবাৰৰ বিশ্ব হাস্য দিৱসৰ মূল মন্ত্ৰ হৈছে – হাঁহিৰ যোগেদি শান্তি কঢ়িয়াই অনা।
Assamese | May 5, 2024 7:24 PM | World Laughter Day
প্রাপ্তবয়স্ক অৱস্থাত হাঁহিৰ পৰিমাণ হ্ৰাসৰ বাবে মানৱ শৰীৰত ৰোগ-ব্যাধি বৃদ্ধি পাই বুলি চিকিৎসকৰ মন্তব্য