May 4, 2025 7:39 PM

views 171

মে’ মাহৰ প্ৰথমটো দেওবাৰ বিশ্ব হাস্য দিৱস হিচাপে পালন

স্বাস্থ্যৰ ওপৰত হাঁহিৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব হাস্য দিৱস পালন কৰা হৈছে। মে' মাহৰ প্ৰথমটো দেওবাৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। হাস্য যোগ আন্দোলনৰ হোতা ডা০ মদন কাটাৰীয়াই ১৯৯৮ চনত এই দিৱস উদযাপনৰ আৰম্ভণি কৰিছিল। ব্যক্তিৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আৱেগিক স্বাস্থ্যৰ ক্ষেত্ৰত সুপ্ৰভাৱ বিস্তাৰ কৰে বুলি তেওঁ উল্লেখ কৰিছিল। বিশ্ব হাস্য দিৱসৰ উদযাপনে বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে বুলি আশা কৰা হয়। তদুপৰি হাস্য দিৱসৰ কাৰ্যসূচীয়ে বিশ্বজনীন ভাতৃত্ববোধ আৰু...

May 5, 2024 7:24 PM

views 83

প্রাপ্তবয়স্ক অৱস্থাত হাঁহিৰ পৰিমাণ হ্ৰাসৰ বাবে মানৱ শৰীৰত ৰোগ-ব্যাধি বৃদ্ধি পাই বুলি চিকিৎসকৰ মন্তব্য

আজি বিশ্ব হাস্য দিৱস। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ শ্বহীদ বাকৰিত শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ শ্যামা প্ৰসাদ শ‍ইকীয়া, প্ৰদীপ বৰুৱা, ডাঃ বিশ্বৰঞ্জন কলিতা, যতিন কোচে মানৱ শৰীৰৰ বাবে হাঁহিৰ উপকাৰিতা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। চিকিৎসককেইজনে প্রাপ্তবয়স্ক অৱস্থাত হাঁহিৰ পৰিমাণ কমি যোৱাৰ বাবে মানৱ শৰীৰত ৰোগ-ব্যাধি বৃদ্ধি পাই বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ১৯৯৮ চনৰ জানুৱাৰীত মুম্বাইত মদন কাটাৰিয়া এজন লোক...