প্রসিদ্ধ অভিনেতা নানা পাটেকাৰৰ আজি পুৱা নিজা বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ। পুৱাৰ ভাগত হঠাৎ বুকুৰ বিষ অনুভৱ কৰি অচেতন হৈ পৰাত তেওঁক ততালিকে চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে প্রায় ৪৫ মিনিট ধৰি তেওঁৰ জীবন ৰক্ষাৰ বাবে চেষ্টা চলোৱাৰ পাছতো চিকিৎসাৰ প্ৰতি সহাঁৰি নিদিয়াত তেওঁক মৃত ঘোষণা কৰা হয়। ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰৰ অন্যতম সন্মানিত আৰু প্রতিভা সম্পন্ন অভিনেতা নানা পাটেকাৰ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কেইবা দশকজুৰি অভিনয়েৰে বিপুল খ্যাতি অৰ্জন কৰি আহিছিল। ১৯৫১ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনতো আৰু চলচ্চিত্র নির্মাতাই নিজৰ শক্তিশালী সংলাপ প্রক্ষেপণ আৰু অতুলনীয় অভিনয় শৈলীৰে আৰম্ভণিৰে পৰা দৰ্শকৰ মন জিনি আহিছে। তিনিটা ৰাষ্ট্রীয় চলচ্চিত্র বঁটা, চাৰিটা ফিল্ম ফেয়াৰ সন্মানেৰে বিভূষিত নানা পাটেকাৰক ২০১৩ চনত পদ্মশ্রী সন্মানেৰে সন্মানিত কৰা হৈছিল। নাট্যাভিনয়ৰ সৈতে জড়িত নানা পাটেকাৰে মাৰাঠী চলচ্চিত্ৰৰে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰি ১৯৮৮ চনত একাডেমী এবাৰ্ডৰ বাবে মনোনীত চালাম ব’ম্বে ছবিত অভিনয়েৰে শ্রেষ্ঠ সহশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা লাভ কৰিছিল।
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ যশস্বী অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বার্তাত শ্রীমতী মুৰ্মুৱে কয়, যে নিজৰ অতুলনীয় অভিনয় দক্ষতা আৰু গভীৰ মননেৰে নানা পাটেকাৰে দৰ্শকক মানৱীয় উপলব্ধি প্রদান কৰিবলৈ সমৰ্থ হৈছিল। তেওঁব বিয়োগ ভাৰতীয় চলচ্চিত্র জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি ৰাষ্ট্ৰপতিয়ে অভিহিত কৰে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণেও নানা পাটেকাৰৰ বিয়োগত শোক প্রকাশ কৰিছে। বহুমুখী প্ৰতিভাৰ অধিকাৰী এইগৰাকী অভিনয় শিল্পীয়ে নিজৰ প্ৰতিভা আৰু কৰ্মৰে চলচ্চিত্ৰ প্ৰেমীৰ লগতে অনাগত বহু প্ৰজন্মক অনুপ্রাণিত কৰি থাকিব বুলি তেওঁ মন্তব্য কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে খ্যাতনামা অভিনেতা নানা পাটেকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে অতি কম সংখ্যক অভিনেতাই গভীৰতাৰে অভিনয়ক উপলব্ধি কৰাৰ লগতে নিজৰ স্বকীয়তাৰে দৰ্শকৰ মনত স্থান লাভ কৰে। অভিনেতাগৰাকীয়ে অভিনয় কৰা প্ৰতিটো চৰিত্ৰকে নিজৰ অনন্য প্রতিভাৰে জীৱন্ত কৰি তুলিছিল বুলি তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাইও অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। অসাধাৰণ কণ্ঠ আৰু দুর্দান্ত অভিনয়েৰে নানা পাটেকাৰে অভিনয় জগতলৈ আগবঢ়োৱা অবদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।