প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১১৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে কাইলৈৰ ভিতৰত নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ৷
Assamese | January 17, 2025 10:28 AM | Maan ki Baat
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ আকাশবাণীযোগে মন কী বাত অনুষ্ঠান