প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে আজি পৰামৰ্শ গ্ৰহণৰ অন্তিম দিন। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | August 23, 2024 7:44 PM | Maan ki Baat
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ আকাশবাণীৰ ১১৩ সংখ্যক মন কী বাত অনুষ্ঠান