প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩ দিনীয়া ভ্ৰমণসূচীৰে চিচিলিত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে বিমানবন্দৰত চিচিলিৰ ৰাষ্ট্ৰপতি ড° পেট্রিক হাৰমিনিয়ে জনোৱা উষ্ম আদৰণিক ভূয়সী প্ৰশংসা কৰে।
বাৰ্তাটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ভাৰত মহাসাগৰীয় অঞ্চলসমূহত চিচিলি ভাৰতৰ বাবে এক মূল্যবান সামুদ্রিক অংশীদাৰ আৰু অন্তৰংগ বন্ধু। তেওঁ লগতে কয়, যে দুয়োখন দেশৰ জনসাধাৰণৰ কল্যানৰ বাবে ভাৰত আৰু চিচিলিৰ দীৰ্ঘদিনীয়া সম্পর্ক অধিক সূদৃঢ় হ’ব। বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰত তেওঁক জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰৱাসী ভাৰতীয় লোকসকলকো ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংস্কৃতি যিধৰণে সংৰক্ষণ কৰি ৰাখিছে সেয়া প্ৰশংসনীয়। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চিচিলিৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।