নিটি আয়োগৰ এটা দলে প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে কালি ডিমাপুৰ ভ্ৰমণ কৰে। জল আৰু ভূমিসম্পদ, তথ্য প্রযুক্তি, দূৰসংযোগ তথা পৰ্যটন আৰু সংস্কৃতি বিভাগৰ প্ৰকল্প সঞ্চালক যুগল যোশীৰ নেতৃত্বত গঠিত দলটোৱে NIELIT আৰু কৃত্রিম বুদ্ধিমত্তাৰ সৈতে জড়িত সৰঞ্জাম কক্ষ আৰু প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সংশ্লিষ্ট জিলা বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয়। বৈঠকত শ্রীযোশীয়ে কয়, যে নিয়োগৰ সুবিধা বৃদ্ধি কৰা, ৺ কৃত্রিম বুদ্ধিমত্তা আধাৰিত প্ৰশিক্ষণ আৰু প্ৰযুক্তিগত দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে নাগালেণ্ডৰ যুৱক-যুৱতীসকলৰ মাজত উদ্যমিতা বিকাশেই হৈছে এই উদ্যমৰ মূল উদ্দেশ্য। ত্ৰিপুৰাৰ উপায়ুক্ত ড০ তিনোজংছে চেঙে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত নীটি আয়োগৰ এই সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
Assamese | October 16, 2025 9:53 AM | NITI
প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে নিটি আয়োগৰ দলৰ ডিমাপুৰ ভ্ৰমণ