প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ আজি নতুন দিল্লীস্থিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছত দেহাৱসান ঘটে। ৬৯ বছৰ বয়সীয়া অর্থনৈতিক বিশেষজ্ঞগৰাকীক যোৱানিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অর্থনীতিবিদগৰাকীয়ে ৰামকৃষ্ণ মিছন বিদ্যালয়, কলকাতাৰ প্ৰেছিডেন্সী কলেজ, দিল্লী স্কুল অৱ ইকনমিকছ আৰু কেম্ব্ৰিজৰ ত্ৰিনিটী কলেজত শিক্ষাগ্ৰহণ কৰিছিল। কৰ্মজীৱনত তেওঁ ভালেমান স্থানত ভিন ভিন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল৷
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বিবেক দেবৰয়ৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁক এগৰাকী উচ্চমানৰ বিদ্বান ব্যক্তি বুলি অভিহিত কৰাৰ লগতে অর্থনীতি, ইতিহাস, সংস্কৃতি, ৰাজনীতি আৰু আধ্যাত্মিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা তেওঁৰ ব্যুৎপত্তিৰ বিষয়ে উল্লেখ কৰে।
Assamese | November 1, 2024 5:45 PM | narendra modi | PMO | vivek debroy death
প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ দেহাৱসান