প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত দেশৰ ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্রকাশ কৰি খেতিয়কসকলক ফচল বীমা আঁচনিৰ সৈতে জড়িত হ’বলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত সংশ্লিষ্ট কৃষকসকলে ব্যৱহাৰ কৰিব পৰা হেল্পলাইন নম্বৰটো হ’ল- 14447। মন্ত্ৰালয়ে প্রকাশ কৰা মতে আঁচনিখন আৰম্ভ কৰাৰে পৰা ৬২ কোটি গৰাকীতকৈও অধিক সংখ্যক কৃষকৰ পৰা আবেদন লাভ কৰাৰ বিপৰীতে ১৯ কোটি ৬৭ লাখতকৈও অধিক কৃষকলৈ ফচলৰ ক্ষতিপূৰণৰ ধন বিতৰণ কৰা হৈছে।
Assamese | July 16, 2024 1:21 PM | PM Kissan | PM Modi
প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ