প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বাৰানসীৰ নমো ঘাটত উয়িং অভাৰ গংগেজ শীৰ্ষক বিমানৰ উৰণ কৌশল প্ৰদৰ্শনৰ বিশাল অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰানসীৰ নমো ঘাটত উয়িং অভাৰ গংগেজ শীৰ্ষক বিমানৰ উৰণ কৌশল প্ৰদৰ্শনৰ বিশাল অনুষ্ঠানৰ তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনাৰ ৯৪ সংখ্যক বার্ষিকী উপলক্ষে আয়োজিত এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ উপস্থিত থাকে।

উল্লেখযোগ্য যে নমো ঘাটত আয়োজিত বায়ুসেনা দিৱস উৰণ কৌশল প্রদর্শন, ২০২৬ অনুষ্ঠানৰ জৰিয়তে বায়ুসেনা বাহিনীৰ সাহস তথা শৌর্য প্রতিফলিত হৈছে। এই অনুষ্ঠানত আপাচী, ৰাফেল তথা যুদ্ধত ব্যৱহাৰ হোৱা হেলিকপ্তাৰ প্ৰচণ্ডকে ধৰি তেজছৰ দৰে যুদ্ধ বিমানসমূহৰ গৰ্জনেৰে আকাশ মুখৰিত হয়।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰানসীত আজি এটা নতুন বস্তু নির্মাণ প্রকল্প মুকলি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথো উপস্থিত থাকে।

অঞ্চলটোৰ ঔদ্যোগিক বিকাশ তুৰান্বিত কৰাৰ লগতে দেশৰ বস্তু উৎপাদন পৰিবেশতন্ত্রক শক্তিশালী কৰাৰ দিশত এই প্রকল্পই উল্লেখযোগ্য পদক্ষেপৰ সূচনা কৰিছে। এই প্ৰকল্পৰ জৰিয়তে উৎপাদনৰ আধুনিক পদ্ধতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি ইয়াৰ জৰিয়তে বিশেষকৈ মহিলাসকলৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।