প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰৰ সমীপৰ জনীৰ ইনফো ভেলী-টুত ভাৰতীয় ৰিজার্ভবেংকৰ তথ্য কেন্দ্ৰ তথা চাইবাৰ নিৰাপত্তা প্রশিক্ষণ প্রতিষ্ঠান মুকলি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰানসী ভ্রমণ সামৰি ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰত উপস্থিত হয়।
ওড়িশাৰ ৰাজ্যপাল ব্রজমোহন ৰাম আৰু মুখ্যমন্ত্রী মোহন চৰণ মাঝি তথা অন্যান্য প্রতিনিধিসকলে জনী হেলিপেডত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়।
উল্লেখযোগ্য যে প্রায় ১৭০ কোটি টকা ব্যয়সাপেক্ষে নির্মিত এই তথ্যকেন্দ্ৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ বিত্তীয় তথ্যসমূহৰ সুৰক্ষা শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। তদুপৰি এই তথ্যকেন্দ্ৰৰ জৰিয়তে দেশৰ ডিজিটেল বিত্তীয় আন্তঃগাঁথনিৰ স্থিতিস্থাপকতাও ত্বৰান্বিত হ’ব।
তথ্যকেন্দ্ৰৰ লগতে চাইবাৰ নিৰাপত্তা প্রশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে কৃত্রিম বুদ্ধিমত্তা আৰু কাৱান্টাম গণনাৰ লেখিয়া শেহতীয়া প্ৰযুক্তিৰ উপৰি চাইবাৰ নিৰাপত্তা খণ্ডত গৱেষণা ত্বৰান্বিত হোৱাৰ লগতে বিশেষ প্ৰশিক্ষণৰ সুবিধা সুনিশ্চিত হ’ব।