প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজি ৭৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্রীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰেপৰা সেবা সমর্পন মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্রান্তে প্রান্তে সেবা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কার্যসূচী লোৱা হৈছে। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটত এটা মটৰ চাইকেল সমদল উলিয়ায়। প্রধানমন্ত্রী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে বাৰেৰহণীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দিল্লী চৰকাৰে সেৱা সমর্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা ১৭ অক্টোবৰলৈ কুইজ, আবৃত্তি প্রতিযোগিতাকে ধৰি বিভিন্ন কার্যসূচী হাতত লোৱা হৈছে। প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নেতাগৰাকীক শুভেচ্ছা জনাই ৰাজ্যবাসীক এগছিকৈ বন্তি জ্বলাবলৈ আহ্বান জনাইছে।
ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমর্পণ মাহৰ অংশস্বৰূপে তামুলপুৰ, শিৱসাগৰ, বৰপেটা, যোৰহাট আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কার্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্য্যসূচীৰ অংশ হিচাপে সন্ধিয়া সাত বজাত প্রধানমন্ত্রী আৱাস যোজনা, অৰুণোদয়, আত্ম-সহায়ক গোট, ৰেচন কার্ডকে ধৰি বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ লগতে চৰকাৰী কাৰ্য্যালয় আৰু চৰকাৰী বাসগৃহত এগছিকৈ বস্তি প্রজ্বলন কৰিবলৈ আহ্বান কৰা হৈছে। বন্তিগছ জনকল্যাণমূলক আঁচনিসমূহে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ কঢ়িয়াই অনা সম্মান, নিৰাপত্তা আৰু আশাৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে।