প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ব্রীকচ শীর্ষ সন্মিলন ২০২৬ত অংশগ্রহণ কৰাৰ সুযোগতে বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। শ্রীমোদীয়ে কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছিম জা’মার্ট ট’কায়েভক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰগতিৰ পৰ্যালোচনা কৰে।

শ্রীমোদীয়ে কাজাখস্তানৰ সৈতে ভাৰতৰ দীর্ঘদিনীয়া মিত্ৰতাক সুঁৱৰি শেহতীয়া কেইবছৰমানত দেশ দুখনৰ মাজত দ্বিপাক্ষিক মিত্রতা অবিৰতভাৱে উন্নত হোৱা সন্দৰ্ভত সন্তুষ্টি প্রকাশ কৰে। দুয়োগৰাকী নেতাই ৰাজনীতি, বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সংযোগ, শক্তি, গুৰুত্বপূর্ণ খনিজাত দ্রব্য, শেহতীয়া প্রযুক্তি, সৃষ্টিশীল অর্থনীতি তথা জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰৰ সহযোগিতা সন্দর্ভত মত বিনিময় কৰে।

তেওঁলোকে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰে। নেতাদ্বয়ে অঞ্চলটোৰ প্ৰগতি আৰু সমৃদ্ধি, স্থিৰতা তথা শান্তিৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ উমৈহতীয়া লাভালাভৰ বাবে কৌশলগত মিত্রতাক অধিক শক্তিশালী কৰাৰ হকে তেওঁলোকৰ সংকল্পক দোহাৰে।

প্রধানমন্ত্রীয়ে লগতে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ-এল-চিচিৰ সৈতেও বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত-ইজিপ্তৰ মিত্ৰতা তথা আঞ্চলিক প্ৰগতিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা বুলি সামাজিক মাধ্যমৰ জৰিয়তে দিয়া শ্রীমোদীয়ে প্রকাশ কৰে। আনহাতে, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৰো ছুবিয়ান্তোৰ সৈতে হোৱা সাক্ষাতৰ সময়ত শ্রীমোদীয়ে বিভিন্ন খণ্ড সামৰি দুয়োখন দেশৰ মিত্ৰতা শক্তিশালী হৈ থাকিব বুলি মত প্রকাশ কৰে।

তেওঁ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ইতিবাচক মনোভাৱৰ শলাগ লয়। শ্রীমোদীয়ে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড আৰ মাৰ্কোছ জুনিয়ৰৰ সৈতেও মত বিনময় কৰে। দুয়োগৰাকী নেতাই সাম্প্রতিক দ্বিপাক্ষিক সহযোগিতাৰ প্ৰগতি সন্দর্ভত সন্তুষ্টি প্রকাশ কৰাৰ লগতে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, বিনিয়োগ, মহাকাশ, ৰে’ল আন্তঃগাঁথনি, বিত্ত প্রযুক্তি, শিক্ষা, পর্যটন, বিজ্ঞান, প্রযুক্তি, উদ্ভাবন আৰু জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত সহযোগিতা অধিক গভীৰ কৰাৰ পোষকতা কৰে।

বিগত বৰ্ষৰ আগষ্টত ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী ভাৰত ভ্ৰমণৰ সময়ছোৱাত গতি লাভ কৰা কৌশলগত মিত্রতা অধিক শক্তিশালী কৰাৰ হকেও দুয়োগৰাকী নেতাই মত প্রকাশ কৰে। দুয়োগৰাকী নেতাই উমৈহতীয়া স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত-বিনিময় কৰাৰ লগতে কৌশলগত মিত্ৰতাৰ সকলো দিশতে সহযোগিতা শক্তিশালী কৰাৰ সংকল্প দোহাৰে।

উগাণ্ডাৰ উপ-ৰাষ্ট্ৰপতি জেছিকা ৰাজ এপেল অলুপাৰ সৈতে হোৱা সাক্ষাৎকালত প্রধানমন্ত্রী শ্রীমোদীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে প্রযুক্তি সন্দর্ভত মিত্রতা, সামর্থ্য নির্মাণ, অভিজ্ঞতা বিনিময়, বিনিয়োগৰ সুবিধা তথা ব্যক্তিগত খণ্ডৰ সহযোগিতাকে ধৰি উল্লেখযোগ্য দিশসমূহত সহযোগিতা অধিক বিকশিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দক্ষিণ আফ্রিকা আৰু বুৰুণ্ডিৰ ৰাষ্ট্ৰপতি তথা নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

উল্লেখযোগ্য যে বিগত তিনি দিনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলৰ সৈতে ১৫খন দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে।