তিনিদিনীয়া ভ্রমণসূচীৰে চিচিলিলৈ যোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আজি পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দ্বীপ ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান গার্ডিয়ান অব দা ব্লু হৰিজন প্ৰদান কৰা হয়। চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হার্মিনীয়ে প্রধানমন্ত্রী মোদীক এই সন্মান প্রদান কৰে।
প্রধানমন্ত্রী মোদীয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহত সেউজ আন্দোলনৰ লগতে অর্থনৈতিক উন্নয়ন, জলবায়ু সুৰক্ষা, সামুদ্রিক সম্পদৰ ব্যৱহাৰ আৰু সৰু দ্বীপৰাষ্ট্ৰসমূহৰ উন্নয়নৰ উচ্চাকাংক্ষাৰ পূৰণত নেতৃত্ব লোৱাৰ বাবে তেওঁক এই সন্মানৰ বাবে বিবেচনা কৰা হয়।
পৰিবেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে কাম কৰা প্ৰতিখন দেশৰ নাগৰিকলৈ প্ৰধানমন্ত্ৰীয়ে এই সন্মান উচৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেড় মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্রতিফলিত কৰে।
এই সন্মানে ভাৰত মহাসাগৰীয় অঞ্চলত পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত ভাৰতে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপত চিচিলিৰ অংশীদাৰিত্বক গুৰুত্ব প্রদান কৰে।