প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি ওড়িশা আৰু পশ্চিমবংগ ভ্রমণলৈ যাব। প্রধানমন্ত্রীয়ে ওড়িশাত ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ সৈতে ময়ূৰভঞ্জ জিলাৰ পাহাৰপুৰ গাঁৱৰ চান্থালী জাহেৰা আৰু হো জাহিৰা পৱিত্ৰ বনত সেৱা আগবঢ়াব। ইয়াৰ পাছত তেওঁলোকে জিলাখনৰ ৰায়ৰাংপুৰত ওড়িশা চৰকাৰৰ দুবছৰ সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ ল’ব। এই অনুষ্ঠানতে প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিয়ে ৪৭ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
ইয়াৰ পাছত প্রধানমন্ত্রী মোদী দুদিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগলৈ যাব। শ্রীমোদীয়ে আজি হুগলী জিলাৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব। তেওঁ পশ্চিমবংগত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ২৩ সংখ্যক কিস্তিও মুকলি কৰিব। ইয়াৰ অধীনত দেশৰ ৯ কোটি ৪৪ লাখৰো অধিক কৃষকৰ বেংক একডিন্টলৈ ১৮ হাজাৰ ৮৮০ কোটি টকাৰো অধিক ধন প্রত্যক্ষভাৱে হস্তান্তৰ কৰা হ’ব।
তেওঁ লগতে ৰাজ্যখনত কেইবাটাও গুৰুত্বপূর্ণ কেন্দ্রীয় কৃষি আঁচনি মুকলি কৰিব। এই আঁচনিসমূহৰ ভিতৰত প্রধানমন্ত্রী ফচল বীমা যোজনা, প্রাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰু প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা অন্যতম।
প্রধানমন্ত্রী মোদীয়ে কাইলৈ কলকাতাত আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল’ব। ইয়াৰ পাছত তেওঁ কলকাতাৰ শ্যামা প্রসাদ মুখার্জী বন্দৰত আই এন এছ দুনাগিৰি, আই এন এছ শংখোধাক আৰু আই এন এছ এগ্রে নামৰ তিনিখন থলুৱাভাবে নির্মিত নৌজাহাজ মুকলি কৰিব।