বৰপেটা জিলাৰ সৰুক্ষেত্রী, গোমা ফুলবাৰী, মন্দিয়া আৰু পাকা বেটবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্য্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিৱিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে, চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্রদর্শনীত বিভাগসমূহৰ মুৰব্বী তথা বিশেষজ্ঞ প্রতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিরূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্য্যকালত যোৱা ১২ বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে প্রশাসন আৰু চৰকাৰৰ কাম-কাজক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবেই এই শিৱিৰ অনুষ্ঠিত কৰা হয় বুলি উল্লেখ কৰে। অনুষ্ঠানত বৰপেটাৰ উন্নয়ন আয়ুক্তৰ লগতে কেইবাগৰাকী জিলা আযুক্তও উপস্থিত থাকে।
কাৰ্বি আংলঙৰ ডিফুতো আজি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। ডিফুৰ ছাৰচিং টেৰণ টাউন হলত অনুষ্ঠিত কার্যসূচীত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ সুফলসমূহ জনসাধাৰণে লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। এই কাৰ্যসূচীত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰচিং তিছো, বিধায়কদ্বয় নিছো টেৰাংপী আৰু ড০ হাবে টেৰণ, জিলা আযুক্ত আৰণ্যক শইকীয়া, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ অভিজিত ক্ৰকে ধৰি ভালে সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
শোণিতপুৰ জিলাতো আজি তিনিদিনীয়া কাৰ্য্যসূচীৰে জন-কল্যাণ শিৱিৰ আৰম্ভ হৈছে। জিলাখনৰ সকলো উন্নয়ন খণ্ডতে আজি আৰম্ভ হোৱা এই শিবিৰৰ পৰহিলৈ সামৰণি পৰিব।
ইপিনে, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিৱিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে।
ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া কাৰ্য্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পর্কীয় বিশেষ কর্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰী প্রেক্ষাগৃহত অনুষ্ঠিত এই কর্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকী বিজ্ঞানী উপস্থিত থাকে।