প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ ফ্ৰান্সৰ নাইচত  প্রতিনিধি পৰ্যায়ৰ আলোচোনাত অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ই ফ্ৰান্সৰ নাইচত ঐতিহাসিক ভিলা কেৰিল’ছত প্রতিনিধি পৰ্যায়ৰ আলোচোনাত অংশগ্রহণ কৰে। এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য, প্রযুক্তি, প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্রতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই যুটীয়াভাৱে আজি ফ্ৰান্সৰ নাইচত পালাইছ ডেচ এক্সপ’জিচনছত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে। এই উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ষ্টার্টআপ পৰিবেশতন্ত্র আৰু অন্বেষণ সম্প্ৰসাৰণ কৰাত ভাৰতৰ ক্ষীপ্ৰ অগ্রগতি প্রতিফলিত হৈছে।

ভাৰত ফ্রান্স উদ্ভাৱনী বৰ্ষৰ অধীনত আয়োজিত এই ধবজাবাহী কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰতিষ্ঠান, প্রযুক্তি আৰু বিনিয়োগ খণ্ডৰ কৰ্ণধাৰ তথা শতাধিক ষ্টার্টআপক একেখন মঞ্চত মত-বিনিময় কৰাৰ সুযোগ দিয়া হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত ১২০টা বিশেষ ষ্টার্টআপ তথা আন্তর্জাতিক গুৰুত্ব থকা ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্রত ২০টাতকৈও অধিক উৎকর্ষ প্রতিষ্ঠান উজলি উঠে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৩৫০টাতকৈও অধিক শীর্ষস্থানৰ বিনিয়োগকাৰী সংস্থাই এই অনুষ্ঠানত অংশগ্রহণ কৰে।

এই কাৰ্যসূচীত জৈৱ-প্রযুক্তি, স্বচ্ছ শক্তি, মহাকাশ প্রযুক্তি, কোৱান্টাম প্রযুক্তি, কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, কম্পিউটাৰ খণ্ডৰ শেহতীয়া অগ্রগতিকে ধৰি ১৩টা মুখ্য খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ উদ্ভাৱনক আলোকপাত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি প্রধামন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত ইনোভেটছ কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰতিভা আৰু ইউৰোপীয় মূলধনৰ মাজৰ অন্তৰায় আঁতৰ হৈছে।

তদুপৰি এই কাৰ্যসূচীয়ে যুব উদ্ভাৱকসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰি তেওঁলোকক আন্তর্জাতিক পৰ্যায়ৰ সংস্পৰ্শলৈ অনাৰ সুবিধা দিছে। দেশৰ ষ্টার্টআপ বিপ্লৱৰ ওপৰত আলোকপাত কৰি শ্রীমোদীয়ে কয় যে কৃত্রিম বুদ্ধিমত্তাৰ পৰা আৰম্ভকৰি মহাকাশ প্রযুক্তিলৈ তথা সেউজ শক্তিৰ পৰা আৰম্ভ কৰি নিৰ্মাণ খণ্ডৰ শেহতীয়া অগ্রগতিলৈ বিভিন্ন ক্ষেত্ৰৰ অন্তৰায়সমূহ আঁতৰ কৰাৰ বাবে দেশৰ যুৱশক্তিয়ে প্রয়াস অব্যাহত ৰাখিছে।

দেশত ২ লক্ষাধিক ষ্টার্টআপ থকাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানৱতাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি মানৱকেন্দ্রিক উদ্ভাৱনৰ আদৰ্শ বিকশাই তোলাত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত আৰু ফ্ৰান্সৰ মিত্ৰতা সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয় যে বিভিন্ন দেশৰ মাজত বাণিজ্য আৰু কৌশলগত সহযোগিতা থকাৰ বিপৰীতে অতি কম সংখ্যক দেশৰ মিত্ৰতাহে উমৈহতীয়া স্বার্থ আৰু দৃষ্টিভঙ্গীৰ আদর্শেৰে তৃৰান্বিত হয়। তেওঁ ফ্রান্স আৰু ভাৰতৰ মিত্ৰতাকো এনে মিত্রতা বুলি অভিহিত কৰি কয় যে এই মিত্রতা উমৈহতীয়া বিশ্বাস, প্রমূল্য আৰু ভৱিষ্যমুখী দৃষ্টিভংগীৰ জৰিয়তে দৃঢ় হৈ আছে।

তেওঁ কয় যে ভৱিষ্যত গঢ়ি তোলাৰ লগতে দেশৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাত উদ্ভাবন, প্ৰযুক্তিৰ আৰু দেশৰ যুৱচামৰ অভিলাষে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। অনুষ্ঠানত ভাষণ দি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্রাবে আন্তঃৰাষ্ট্ৰীয় উদ্ভাবনী কেন্দ্ৰ হিচাপে ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ ভাৰতৰ অভিযান্ত্রিক খণ্ডৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰি চন্দ্ৰযান অভিযানৰ প্ৰশংসা কৰে।

ভাৰত ইনোভেটছ কাৰ্যসূচীয়ে ভাৰতৰ উদ্ভাৱনী পৰিবেশতন্ত্ৰ আৰু ফ্ৰান্সৰ অগ্রগামী প্রযুক্তি প্ৰেক্ষাপটৰ মাজৰ সমন্বয় ৰক্ষা কৰা বুলি তেওঁ প্রকাশ কৰে। ভাৰতৰ বাহিৰত এই কাৰ্যসূচীৰ প্ৰথম সংস্কৰণ আয়োজন কৰিবলৈ পাই ফ্রান্স সন্মানিত হোৱা বুলি তেওঁ মত প্রকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ, উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেল, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, মুখ্য বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ইনফোছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূর্তিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে।