কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দশকৰ দেশৰ স্বাস্থ্য খণ্ডৰ ব্যাপক ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰিছে। শ্রী গাডকাৰীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত লাখ লাখ লোকে নগদ ধন বহিত স্বাস্থ্য সেৱা লাভ কৰিছে আৰু এই সেৱাৰ পৰিসৰ জ্যেষ্ঠ নাগৰিকলৈও সম্প্ৰসাৰিত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে জন ঔষধী কেন্দ্ৰৰ মাধ্যমেৰে কম মূল্যত গুণগত ঔষধ যোগান ধৰা হৈছে।
ই-সঞ্জীৱনীৰ দৰে ডিজিটেল মঞ্চ আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে উদ্যমসমূহে দেশত সর্বাত্মক আৰু শক্তিশালী স্বাস্থ্য প্রণালী নির্মাণ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে বুলি শ্রী গাডকাৰীয়ে মন্তব্য কৰে।
একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে ভাৰতে সম্প্ৰতি বিশ্বৰ কেইবাখনো বৃহৎ স্বাস্থ্য আঁচনি সফলতাৰে ৰূপায়ণ কৰা বুলি দাবী কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে চৰকাৰে বেমাৰৰ ফলত কোনো পৰিয়ালে যাতে অর্থনৈতিক বোজা বহন কৰিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে কাম কৰি আহিছে।