November 3, 2026 11:44 AM | DR. ashok kumer

printer

প্রখ্যাত স্নায়ুশল্য চিকিৎসক ডাঃ অশোক কুমাৰ মহাপাত্রৰ দেহাৱসান

প্রখ্যাত স্নায়ুশল্য চিকিৎসক তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰফেচাৰ ডাঃ অশোক কুমাৰ মহাপাত্রই যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞন প্রতিষ্টান এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। উৰিষ্যাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ গৰাকীয়ে স্নায়ুশল্য চিকিৎসালৈ আগবঢ়োৱা অৱদানেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডাঃ মহাপাত্র এইমছ ভুৱনেশ্বৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল আৰু নতুন দিল্লীৰ এইমছৰ স্নায়ুশল্য চিকিৎসা বিভাগৰ মুৰব্বী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৭ চনত এইমছত এক ঐতিহাসিক অস্ত্ৰোপচাৰৰ জৰিয়তে যুঁজা সন্তান ‘জগা’ আৰু ‘বালিয়া’ক সফলতাৰে পৃথক কৰাৰ ক্ষেত্ৰত আগভাগ লৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ প্রসিদ্ধি লাভ কৰিছিল। তেওঁ লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক আৰু শিক্ষা আৰু অনুসন্ধান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও সেৱা আগবঢ়াইছিল। চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁক ২০২৫ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডাঃ অশোক কুমাৰ মহাপাত্ৰৰ বিয়োগত বিভিন্ন ৰাজনৈতিক নেতা, চিকিৎসা মহলৰ সদস্য, শিক্ষাবিদ আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে স্নায়ুশল্য চিকিৎসা, চিকিৎসা শিক্ষা আৰু এইমছ ভুৱনেশ্বৰৰ উন্নয়নৰ ক্ষেত্ৰত ডাঃ মহাপাত্ৰৰ উল্লেখনীয় অৱদানৰ কথা স্মৰণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।