November 3, 2026 11:44 AM
1
প্রখ্যাত স্নায়ুশল্য চিকিৎসক ডাঃ অশোক কুমাৰ মহাপাত্রৰ দেহাৱসান
প্রখ্যাত স্নায়ুশল্য চিকিৎসক তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰফেচাৰ ডাঃ অশোক কুমাৰ মহাপাত্রই যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞন প্রতিষ্টান এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। উৰিষ্যাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ গৰাকীয়ে স্নায়ুশল্য চিকিৎসালৈ আগবঢ়োৱা অৱদানেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডাঃ মহাপাত্র এইমছ ভুৱনেশ্বৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল আৰু নতুন দিল্লীৰ এইমছৰ স্নায়ুশল্য চিকিৎসা বিভাগৰ মুৰব্বী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০...