ভাৰতৰ অৱনি লেখাই আজি পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। ফাইনেল খেল ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ আজি ষষ্ঠ দিনা বিভিন্ন শাখাত পদকৰ যুঁজত অৱতীৰ্ণ হবলগীয়া অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত পূজাই পেৰা আৰ্ছাৰীৰ মহিলাৰ ৰিকাৰ্ভ শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। একেদৰে দিপ্তী ঝিনাঞ্জি মহিলাৰ ৪০০ মিটাৰ টি টুৱেণ্টি শিতানত অৱতীৰ্ণ হ’ব। আনহাতে, মৰিয়প্পন থাংগাৱেলু, শৈলেশ কুমাৰ আৰু শৰৎ কুমাৰে পুৰুষৰ হাইজাম্পত টি 63 শিতানৰ ফাইনেলত অৱতীৰ্ণ হ’ব। অজিত সিং, ৰিংকু সিং আৰু সুন্দৰ সিঙে পুৰুষৰ জেভলীন থ্ৰৰ এছ 46 ৰ ফাইনেলত দেশৰ হকে প্রতিদ্বন্দিতা আগবঢ়াব। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাত ৩টা সোণ, ৫টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ১৫টা পদকেৰে পদক তালিকাৰ পঞ্চদশ স্থানত আছে।
Assamese | September 3, 2024 8:17 PM | avani lekhara paralympics 2024 | paralympics 2024 | SPORTS
পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত ভাৰতৰ অৱনি লেখা অৱতীৰ্ণ হ’ব