পেৰিছ পেৰালিম্পিকৰ আজি অষ্টম দিনা ভাৰতৰ পেৰা এথলিটসকলে শ্বুটিং, আৰ্চাৰী, এথলেটিক্ছ, পাৱাল লিফটিং আৰু জুড’ৰ বিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ্চাৰ হৰবিন্দ সিং আৰু পূজা কিছুসময়ৰ পাছত ৰিকাৰ্ভ শিতানৰ মিক্সড দলীয় শাখাৰ ছেমিফাইনেলত অৱতীৰ্ণ হ’ব। খেলুৱৈ দুগৰাকীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে পেৰা পাৱাৰ লিফটাৰ অশোক নিশা প্ৰায় ১০ বাজি পাঁচ মিনিটত পুৰুষৰ ৬৫ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত অৱতীৰ্ণ হ’ব।
পুৰুষৰ পেৰা জুড’ৰ ৬০ কেজি জে-ৱান শাখাত ভাৰতৰ কপিল পৰমাৰ ইৰানৰ খোৰাম বনীতাবাৰ হাতত পৰাস্ত হয়। কপিলে আজি নিশা প্রায় ৮ বজাত ব্ৰঞ্জৰ পদকৰ বাবে হ’বলগীয়া খেলখনত ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে পেৰা দৌৰবিদ ছিমৰনে নিশা প্রায় ১০ বাজি ৪৭ মিনিটত মহিলাৰ ১০০ মিটাৰৰ টি-টুৱেল্ভ শিতানৰ ফাইনেলত দেশৰ হকে প্রতিদ্বন্দ্বীতা আগবঢ়াব।
Assamese | September 5, 2024 8:38 PM | Paris Peralympics | SPORTS
পেৰিছ পেৰালিম্পিকত অষ্টম দিনত ভাৰতৰ পেৰা এথলিটসকলৰবিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে