বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱনকেন্দ্রিক বিকাশৰ চালিকাশক্তি হিচাপে কাম কৰিব। পেৰিছত অনুষ্ঠিত ভাৰত ফ্রান্স ব্যবসায় ঘূৰণীয়া মেজমেলত ভাষণ দি তেওঁ কয় যে প্রযুক্তিগত বিকাশ, যোগান শৃংখলৰ বৈচিত্র্য, শক্তি ৰূপান্তৰকৰণ আৰু ভূ-ৰাজনৈতিক বিকাশৰ বাবে বৈশ্বিক অর্থনীতি সম্প্রতি খৰতকীয়া ৰূপান্তৰৰ দিশে গতি কৰিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলক বিকশিত ভাৰত ২০৪৭ৰ যাত্ৰাত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আমন্ত্রণ জনায়। দুয়োখন দেশৰ সমৃদ্ধিৰ বাবে তেওঁ ভাৰত ফ্রান্স কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে ভাৰত আৰু ফ্রান্সে বিশ্বৰ কৃত্রিম বুদ্ধিমত্তা ব্যৱস্থাক বিকাশ কৰাৰ বাবে অংশীদাৰিত্বৰে কাম কৰি আছে। এই অংশীদাৰিত্বই বিশ্বাসযোগ্য কৃত্রিম বুদ্ধিমত্তা, ডিজিটেল আন্তঃগাঁথনি আৰু নতুন নতুন প্রযুক্তিৰ বিকাশত সহায় কৰিব বুলিও শ্রীমতী সীতাৰমনে উল্লেখ কৰে।
অর্থনৈতিক সম্বন্ধৰ বিকাশত আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক বাণিজ্য বিগত দশকত দুগুণ হৈছে। তেওঁ ভাৰতত সম্প্রতি ফ্ৰান্সৰ প্ৰায় এহেজাৰ কোম্পানীয়ে কাম কৰি আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰত বৰ্তমান আগশাৰীৰ ডিজিটেল অর্থনীতি হিচাপে উদ্ভাসিত হৈ উঠিছে। এই ক্ষেত্ৰত তেওঁ আধাৰ, ইউ পি আই, ডি জি লকাৰ, অ এন ডি চি আৰু ইণ্ডিয়া ষ্টেকৰ উদাহৰণ দিয়ে। তেওঁ লগতে কয়, যে বিশ্বৰ সামগ্রিক ডিজিটেল লেনদেনৰ প্ৰায় ৫০ শতাংশই ভাৰতত হয়।
শ্রীমতী সীতাৰমণে কয়, যে ভাৰতৰ পৰিষ্কাৰ শক্তিৰ বিকাশে পুনৰ নৱীকৰণ শক্তি, সেউজ হাইড্রজেন, বেটাৰী ষ্টোৰেজ, উপকূলীয় বতাহ আৰু স্মার্ট গ্রীডৰ ক্ষেত্ৰত বিনিয়োগৰ সুযোগ মুকলি কৰিছে। আন্তর্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষৰ বিকাশতো বিত্তমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয়, যে চলিত বছৰৰ জুনলৈকে এহেজাৰ ২০০ৰো অধিক পঞ্জীয়নেৰে এই সেৱা কেন্দ্ৰ আগশাৰীৰ গোলকীয় বিত্তীয় হাব হিচাপে পৰিগণিত হৈছে। এই সংস্থাৰ ১১১ বিলিয়ন ডলাৰৰ বেংকিং সম্পত্তি আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে ইয়াৰ সামগ্রিক বেংকিং লেন-দেনে ১৭৬ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে।