পূব কংগোৰ বুকাভু চহৰত কালি দুখন সংলগ্ন বিদ্যালয়ত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৬ গৰাকী ছাত্র-ছাত্রী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। দক্ষিণ কিভু প্রাদেশিক চৰকাৰে প্ৰকাশ কৰা মতে, নিহতসকলৰ মাজৰ ১৯ গৰাকী ছাত্ৰী আৰু ৭ গৰাকী ছাত্র। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশঙ্কা কৰা হৈছে।
চহৰখন নিয়ন্ত্ৰণ কৰা এম-25 বিদ্রোহী গোটৰ মুখপাত্রই জনোৱা মতে, এই ঘটনাত ২৪ গৰাকী ছাত্র-ছাত্রী নিহত হৈছে আৰু ২৯ গৰাকী লোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
স্থানীয় প্রশাসক তথ্য অনুসৰি, বিদ্যালয় দুখনলৈ জুই বিয়পি পৰাৰ পূৰ্বে কাষৰীয়া এটা ঘৰত অগ্নিকাণ্ডৰ সূত্রপাত হৈছিল। জুই লগাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও চুবুৰীটো অত্যন্ত জনবহুল আৰু বেছিভাগ ঘৰেই কাঠৰদ্বাৰা নিৰ্মিত বুলি তেওঁ প্রকাশ কৰে।