September 11, 2026 10:44 AM
7
পূব কংগোৰ বুকাভু চহৰত ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৬ গৰাকী ছাত্র-ছাত্রী নিহত
পূব কংগোৰ বুকাভু চহৰত কালি দুখন সংলগ্ন বিদ্যালয়ত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৬ গৰাকী ছাত্র-ছাত্রী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। দক্ষিণ কিভু প্রাদেশিক চৰকাৰে প্ৰকাশ কৰা মতে, নিহতসকলৰ মাজৰ ১৯ গৰাকী ছাত্ৰী আৰু ৭ গৰাকী ছাত্র। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশঙ্কা কৰা হৈছে। চহৰখন নিয়ন্ত্ৰণ কৰা এম-25 বিদ্রোহী গোটৰ মুখপাত্রই জনোৱা মতে, এই ঘটনাত ২৪ গৰাকী ছাত্র-ছাত্রী নিহত হৈছে আৰু ২৯ গৰাকী লোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্থানীয় প্রশাসক তথ্য অনুসৰি, বিদ্যালয় দুখনলৈ জুই বিয়পি পৰাৰ পূ...