পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মাহেত অহা পহিলা জুনৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব। সাগৰীয় জৈৱ বৈচিত্ৰৰ দীৰ্ঘদিনীয়া বহন ক্ষমতা সুনিশ্চিত কৰাৰ লগতে মাছৰ প্ৰজনন সুনিশ্চিত কৰাৰ লক্ষ্যৰে সাময়িকভাৱে প্ৰতি বছৰে এই মাছধৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মীন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তি যোগে মাছধৰাত নিষেধাজ্ঞা ঘোষণা কৰি কয়, যে অহা ১৫ এপ্ৰিলৰ পৰা ১৪ জুনলৈ পুডুচেৰী, কাড়াইকল আৰু য়ানমৰ উপকূলীয় অঞ্চলত তথা পহিলা জুনৰ পৰা অহা ৩১ জুলাই লৈ মাহে অঞ্চলত এই ঘোষণা কাৰ্যকৰী হ’ব।
Assamese | April 11, 2025 6:29 PM | Akashvani News | Puducherry
পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা