কেন্দ্ৰীয় চৰকাৰে পিয়াঁজ ৰপ্তানীৰ ওপৰত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰিছে। এই নীতি পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। কেন্দ্রীয় গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে ইয়াৰ দ্বাৰা কৃষকসকলৰ পাৰিতোষিক নিশ্চিত কৰা হ’ব আৰু গ্ৰাহকৰ বাবে পিয়াঁজ ব্যয়সাধ্য হৈ থাকিব। পিয়াঁজকে ধৰি আন কেইবাবিধো ৰবি শস্যৰ অধিক উৎপাদন হোৱাৰ বাবে অনাগত মাহত এই শস্যসমূহৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ঘৰুৱা বজাৰত উপলব্ধতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যোৱা বছৰ ১৩ ছেপ্তেম্বৰত পিয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি শুল্ক আৰোপ কৰা হৈছিল।
Assamese | March 23, 2025 6:51 PM | Onion Export
পিয়াঁজ ৰপ্তানীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ২০ শতাংশ শুল্ক প্রত্যাহাৰ