March 23, 2025 6:51 PM

views 77

পিয়াঁজ ৰপ্তানীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ২০ শতাংশ শুল্ক প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে পিয়াঁজ ৰপ্তানীৰ ওপৰত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰিছে। এই নীতি পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্রীয় গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে ইয়াৰ দ্বাৰা কৃষকসকলৰ পাৰিতোষিক নিশ্চিত কৰা হ'ব আৰু গ্ৰাহকৰ বাবে পিয়াঁজ ব্যয়সাধ্য হৈ থাকিব। পিয়াঁজকে ধৰি আন কেইবাবিধো ৰবি শস্যৰ অধিক উৎপাদন হোৱাৰ বাবে অনাগত মাহত এই শস্যসমূহৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ঘৰুৱা বজাৰত উপলব্ধতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যোৱা বছৰ ১৩ ছেপ্তেম্বৰত পিয়াজৰ ওপৰত...

March 23, 2025 11:06 AM

views 61

পিঁয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ইয়াৰ ফলত খেতিয়কসকলৰ বাবে লাভজনক মূল্য সুনিশ্চিত হ'ব আৰু গ্ৰাহকসকলৰ বাবে পিঁয়াজৰ উপলব্ধতা বৰ্তি থাকিব। ৰবি শস্যৰ বতৰত পিয়াজসহ অন্য শস্যৰ অধিক উৎপাদনৰ ফলত অনাগত সময়ত এনে শস্যসমূহৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ঘৰুৱা বজাৰত উপলব্ধতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যোৱা বছৰ ১৩ ছেপ্তেম্বৰত পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি শুল্ক আৰো...

September 5, 2024 8:33 PM

views 76

দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্য লৈ চাই আজিৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কৰিছে৷ ভ্ৰাম্যমাণ বাহন আৰু ভাৰতীয় ৰাষ্ট্রীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ই-কমার্চ মঞ্চ আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা ছফলৰ দোকানৰ জৰিয়তে পিঁয়াজৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অনাগত সময়ত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইৰ উপৰি গুৱাহাটী, কলকাতা, ভূবনেশ্বৰ, হায়দাবাদ, চেন্নাই, বাংগালুৰু, আহমেদাব...

May 5, 2024 1:14 PM

views 68

পিয়াঁজৰ ৰপ্তানিত আৰোপ কৰা নিষেধাজ্ঞা চৰকাৰৰ প্রত্যাহাৰ

চৰকাৰে পিয়াঁজৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে। বিদেশ বাণিজ্য সঞ্চালকালয়ে এখন অধিসূচনা যোগে প্রতি মেট্রিক টনত ৫৫০ ডলাৰৰ ন্যূনতম ৰপ্তানি মূল্যৰে এই নিৰ্দেশ ততালিকে প্রযোজ্য হোৱা বুলি প্ৰকাশ কৰিছে। চলিত বৰ্ষত ৰবি শস্যৰ আনুমানিক ভাল উৎপাদন, বৰষুণ স্বাভাৱিকতকৈ অধিক হোৱাৰ বাবে খাৰিফ শস্যৰ ভাল উৎপাদনৰ সম্ভাৱনা, বজাৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ দৰে বিভিন্ন বিষয় বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰপ্তানি নিষেধাজ্ঞা স্বত্বেও ভাৰতে ৬ খন চুবুৰীয়া ৰাজ্য বাংলাদেশ, সংযুক্ত আৰব আমীৰ শ্ব...