বৈদেশিক মন্ত্রালয়ে জনায় যে, ২০২৫ বর্ষত আঞ্চলিক পাছপোর্ট কার্যালয়, পাছপোর্ট সেৱা কেন্দ্ৰ আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে ১ কোটি ৫০ লাখ পাছপোর্ট ভাৰতীয় নাগৰিকসকলৰ বাবে মুকলি কৰিছে। মন্ত্রালয়ে লগতে জনাই যে, পাছপোর্ট কার্যালয় আৰু পাছপোর্ট সেৱা কেন্দ্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্র দেশতে ৫৪৫ টা এনে কেন্দ্র আছে। বিগত বৰ্ষত ১০ টা আৰু এই বৰ্ষত পুনৰ ১০ টা ডাকঘৰৰ পাছপোর্ট সেৱা কেন্দ্ৰ মুকলি কৰা হ’ব। মন্ত্রালয়ে লগতে উল্লেখ কৰে যে এতিয়ালৈকে ১ কোটি ৪৭ লাখ ই-পাছপোর্ট মুকলি কৰা হৈছে। পাছপোর্ট কার্যালয় আৰু সেৱা কেন্দ্ৰসমূহৰ আন্তঃগাথনি আৰু সেৱাৰ মানদণ্ড পূৰ্বতকৈ উন্নীত কৰা হৈছে। ভাৰতীয় জনসংখ্যাৰ মাত্র ১০ শতাংশ নাগৰিকৰহে পাছপোর্ট থকাৰ পৰিপ্ৰেক্ষিতত পাছপোর্ট সেৱা অধিক সুলভ আৰু সহজ কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে।
বর্তমান ২৭ খন ৰাষ্ট্ৰই ভিচ্ছা অবিহনে ভাৰতলৈ ভ্ৰমণ কৰাৰ অনুমতি লাভ কৰিছে আৰু ৪৭ খন দেশে ভিছা অন এৰাইভেলৰ সুবিধা লাভ কৰিছে। তদুপৰি মুঠ ৬৫ খন ৰাষ্ট্ৰই ভাৰতীয় নাগৰিকক ই ভিছাৰ সুবিধা প্রদান কৰে।