ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানক সমালোচনা কৰি এইবুলি অভিযোগ উত্থাপন কৰিছে যে পাকিস্তানে নিজৰ ঘৰুৱা প্ৰত্যাহ্বানসমূহ বিশেষকৈ অর্থনৈতিক মন্দাৱস্থা, আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি আৰু মানৱ অধিকাৰ খৰ্ব হোৱা আদি বিষয়সমূহক আওকান কৰি নতুন দিল্লী মহলৰ বিৰুদ্ধে কুটকৌশল ৰচনাত ব্যস্ত হৈ থাকে।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ তৃতীয় সমিতিৰ সংখ্যালঘুৰ সমস্যা সন্দর্ভত বিশেষ প্রতিবেদকৰ সৈতে বাৰ্তালাপ কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰথম সচিব ৰঘু পুৰীয়ে সংখ্যালঘু অধিকাৰ সন্দৰ্ভত পাকিস্তানক প্ৰশ্ন কৰে আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনীসমূহে ৰাজনৈতিক নেতৃত্বক অতিক্ৰম কৰি তেওঁলোকৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখে।
২০২৪ বৰ্ষৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি শ্ৰীপুৰীয়ে ইছলামাবাদ প্রশাসনক ফর্ম ৪৭ গভর্ণমেন্ট বুলি উল্লেখ কৰে আৰু পাকিস্তানৰ সেনাবাহিনীৰ নিৰ্দেশ এই চৰকাৰে মানি চলে বুলি উল্লেখ কৰে।
তেওঁ লগতে পাকিস্তানৰ সংখ্যালঘু জনসাধাৰণ ভীতিগ্রস্ত হোৱাৰ বিষয়টোত নিজৰ প্রতিক্রিয়া প্রকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক সমালোচনা কৰাতকৈ নিজৰ দেশৰ নাগৰিকসকলৰ কল্যাণৰ বিষয়ত মনোনিবেশ কৰিবলৈ ইছলামাবাদ মহলক আহ্বান জনায়।
জম্মু-কাশ্মীৰক পাকিস্তানে নিজৰ বুলি দাবী কৰা বিষয়ক প্রত্যাখান কৰি শ্ৰীপুৰীয়ে এই অঞ্চলটো ভাৰতৰ অভ্যন্তৰীণ অংশ বুলি দোহাৰে। বিভিন্ন ধর্মাবলম্বী, বিভিন্ন জাতি-জনগোষ্ঠী আৰু বহুভাষিক সমাজৰ লোকে বসবাস কৰা সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ ভাৰত চৰকাৰে ৰক্ষা কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সংখ্যালঘু সম্প্রদায়ে ভাৰতত চৰকাৰ, সামৰিক বাহিনী, উদ্যোগ আৰু সাংস্কৃতিক আদি দিশত বৰঙণি আগবঢ়াইছে।