October 25, 2026 7:24 PM

views 9

পাকিস্তানে অপপ্রচাৰেৰে নতুন দিল্লীৰ ভাৱমূর্তি ম্লান কৰাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ বাবে ভাৰতে দেশখনক তীব্র সমালোচনা কৰিছে

ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানক সমালোচনা কৰি এইবুলি অভিযোগ উত্থাপন কৰিছে যে পাকিস্তানে নিজৰ ঘৰুৱা প্ৰত্যাহ্বানসমূহ বিশেষকৈ অর্থনৈতিক মন্দাৱস্থা, আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি আৰু মানৱ অধিকাৰ খৰ্ব হোৱা আদি বিষয়সমূহক আওকান কৰি নতুন দিল্লী মহলৰ বিৰুদ্ধে কুটকৌশল ৰচনাত ব্যস্ত হৈ থাকে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ তৃতীয় সমিতিৰ সংখ্যালঘুৰ সমস্যা সন্দর্ভত বিশেষ প্রতিবেদকৰ সৈতে বাৰ্তালাপ কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰথম সচিব ৰঘু পুৰীয়ে সংখ্যালঘু অধিকাৰ সন্দৰ্ভত পাকিস্তানক প্ৰশ্ন কৰে আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনীস...