ইংলেন্ডে যোৱানিশা ছাউডাম্পটনত অনুষ্ঠিত পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ৫৬ ৰানত পৰাস্ত কৰি ৪-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে ২৫৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০১ ৰানহে কৰিবলৈ সমৰ্থ হয়।
ইয়াৰ পূৰ্বে ইংলেণ্ড প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২৫৭ ৰান কৰে। জজ ৱাটলাৰক প্লেয়াৰ অব দ্যা ছিৰিজ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, বৰষুণৰ বাবে শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰা হৈছিল।