বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জে পি নাড্ডাই কয় যে, সন্দেশখালিত একাংশ দুস্কৃতিকাৰী প্ৰায়ে সমাজবিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। চৰকাৰখনে এই সমাজ বিৰোধী চক্ৰটোক বাধা দিব পৰা নাই। এই চক্ৰটো মহিলাসকলৰ বাবে সদায় ভাবুকি হৈ আহিছে। পশ্চিমবংগ চৰকাৰে ৰাজ্যখনত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি বাৰ্তাটোত তেওঁ কয় যে, তদন্তকাৰী সংস্থাসমূহৰ ওপৰতো এনে সমাজ বিৰোধী চক্রই সঘনাই আক্ৰমণ সংঘটিত কৰি আহিছে। ইফালে নাড্ডাৰ এই মন্তব্যৰ তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সাগৰিকা ঘোষে। তেওঁ কয় যে, সন্দেশখালি কাণ্ডৰ সকলো অভিযুক্ত এতিয়া কাৰাগাৰত আছে। কিন্তু বিজেপিয়ে যৌন নির্যাতনত অভিযুক্ত সাংসদ ব্রীজ ভূষণ চৰণ সিঙক সকলো ফালৰ পৰাই সুৰক্ষা দি আহিছে।
Assamese | April 28, 2024 6:15 PM | JP Nadda
পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি বিজেপিৰ সভাপতি জে পি নাড্ডাৰ অভিযোগ