মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। ড০ শৰ্মাই প্ৰথমে বঙৰাৰ টেকচিটীত ডিজিটেল ডিজাইন আৰু থ্রীডি প্রিন্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। ৫৪ কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ আই আই এমত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন শিক্ষানুষ্ঠানৰ আত্মপ্রকাশেৰে আজিৰ দিনটো অসমৰ বাবে এটা গৌৰৱৰ দিন বুলি উল্লেখ কৰে। তেওঁ লগতে আজিৰে পৰা অসমৰ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হোৱা বুলি মন্তব্য কৰে। ড০ শৰ্মাই কয়, যে আজি ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান- আই আই এম গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেচ এডমিনিষ্ট্ৰেচন পাঠ্যক্ৰম আৰম্ভ কৰিলে।
তেওঁ লগতে পলাশবাৰীত সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, মুখ্য সচিব ৰবি কোটা আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্যও উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি জালুকবাৰীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ লয়।