কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কৰিছে। এতিয়াৰেপৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত নিৰ্ধাৰিত নম্বৰ লাভ কৰিবলৈ সমৰ্থ নোহোৱা ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ ঘোষণা কৰা হ’ব। অৱশ্যে অনুত্তীর্ণ ছাত্র-ছাত্রীসকলে দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে পুৰণি ব্যৱস্থা ঘূৰাই আনি নতুন শিক্ষানীতিৰ আধাৰত এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰিছে। পৰীক্ষাত উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীক অষ্টম শ্রেণীলৈকে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ পৰা বাহিৰ কৰিব নোৱাৰিব। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ-শিকণ ক্ষমতা উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰে এই নীতি সলনি কৰিছে।
Assamese | December 24, 2024 1:35 PM | Education | India Govt. | Ministry of Education
পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কেন্দ্ৰীয় চৰকাৰৰ