নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ৩৪৪ লৈ বৃদ্ধি পাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৮ খন প্ৰভাৱিত জিলাত উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে ১৩ হাজাৰৰ অধিক লোকক উদ্ধাৰ কৰিছে। প্ৰায় ৫ হাজাৰ লোক এতিয়া সন্ধানহীন হৈ আছে। নুৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত ১০ দিন আৱদ্ধ হৈ থকা এগৰাকী ৬০ বছৰীয়া মহিলাক আজি জীৱন্তে উদ্ধাৰ কৰা হয়। নেপালত চ্ছিন্ন-ভিন্ন মৃতদেহসমূহ চিনাক্ত কৰাৰ বাবে ডি এন এ পৰীক্ষা আৰম্ভ কৰা হৈছে। বৰ্তমানলৈকে মাত্র ৯৬টা মৃতদেহে চিনাক্ত কৰি পৰিয়ালবৰ্গৰ হাতত গটাই দিয়া হৈছে।
সংবাদমাধ্যমৰ বাতৰি অনুসৰি নেপালৰ ৮ খন জিলাত বৰ্তমানলৈ উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত ৭৫৮টা প্রাপ্তবয়স্ক লোকৰ, ৮৫টা শিশুৰ আৰু ৫০১টা অংগক্ষত মৃতদেহ আছে।