নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৩৪৪ লৈ বৃদ্ধি

নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৩৪৪ হৈছে। বানৰ পাছৰে পৰা ৫৯০ গৰাকী বিদেশী নাগৰিকসহ প্রায় পাঁচ হাজাৰ গৰাকী লোক সন্ধানহীন হৈ আছে। চুবুৰীয়া ৰাষ্ট্ৰখনত বৰ্তমানলৈকে ১৩১০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে।

নুৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধবংসস্তূপৰ মাজত ১০ দিন আৱদ্ধ হৈ থকা এগৰাকী ৬০ বছৰীয়া মহিলাক কালি জীৱন্তে উদ্ধাৰ কৰা হয়। নেপালত ছিন্ন-ভিন্ন মৃতদেহসমূহ চিনাক্ত কৰাৰ বাবে ডি এন এ পৰীক্ষা আৰম্ভ কৰা হৈছে।

আৰক্ষীয়ে চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্রহ কৰাৰ পাছত ২২২ গৰাকী মহিলা, ৩৫৫ গৰাকী পুৰুষ আৰু ৪৫৩ গৰাকী অজ্ঞাত লোকৰ মৃতদেহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

দুৰ্গত পৰিয়ালবৰ্গক সহায় কৰাৰ উদ্দেশ্যে নেপাল আৰক্ষীয়ে ৱেবচাইট যোগে ১২৭০ টা মৃতদেহৰ সবিশেষ প্রকাশ কৰিছে। প্রভাবি এলেকাসমূহত উদ্ধাৰ, সাহায্য সামগ্রী বিতৰণ, মৃতদহৰ ব্যৱস্থাপনা আৰু পথসমূহ যাতায়াতৰ বাবে পুনৰ মুকলি কৰাৰ কামত প্রায় ৭৯১২ গৰাকী আৰক্ষীকর্মী নিয়োগ কৰা হৈছে।