নেচনেল বেংক অপেন টেনিছ প্রতিযোগিতাত ২০ সংখ্যক বাছনিপ্ৰাপ্ত স্পেইনৰ ১৯ বছৰীয়া খেলুৱৈ ৰাফেল জ’ডাৰে পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত জ’ডাৰে ফ্ৰান্সৰ আৰ্থাৰ ফিলছক ৭-৬ (৫), ৬-৩ ফলাফলত পৰাস্ত কৰে।
চলিত বৰ্ষটো ৰেংকিঙত ১৬৮ সংখ্যক স্থানেৰে আৰম্ভ কৰা জ’ডাৰে শেহতীয়াকৈ চকুত লগা প্ৰদৰ্শন কৰাৰ ফলত খেলুৱৈগৰাকীৰ ৰেংকিং ১১ সংখ্যক স্থানলৈ উন্নীত হৈছে।
ছেমি ফাইনেলত কাইলৈ নিশা জ’ডাৰ প্ৰতিযোগিতাত ২৮ সংখ্যক বাছনিপ্রাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ’ব। নাকাচিমাই যোৱানিশা ছেমি ফাইনেল পৰ্যায়ৰ আন এখন খেলত ইটালীৰ লুচিয়ানো ডাৰ্ডেৰিক ৬-২, ৬-৩ ফলাফলত পৰাস্ত কৰে।
ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ কানাডিয়ান অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা শ্বিয়াটেকে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ছবাৰকৈ গ্ৰেণ্ডশেম পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ অৰ্জন থিয়াটেকে কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ ডায়েনা স্নেইডাৰক ৬-২, ৬-১ ফলাফলত পৰাস্ত কৰে।
কাইলৈ হ’বলগীয়া ছেমি ফাইনেলত খেলুৱৈগৰাকী ইউক্রেইনৰ নৱম বাছনিপ্রাপ্ত এলিনা স্কিট’লীনাৰ মুখামুখি হ’ব। স্কিট’লীনাই কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ একাটেৰিনা আলেকজেণ্ড্ৰ’ভাক ৩-৬, ৬-০, ৬-৩ ফলাফলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।