নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ পথ আজিৰে পৰা সাময়িকভাবে বন্ধ থাকিব; বিকল্প পথৰ ব্যৱস্থা

নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ পথ আজিৰে পৰা সাময়িকভাবে বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত জিলা পথ সুৰক্ষা সমিতিয়ে যান-বাহনৰ চলাচলৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা এখন জাননী অনুসৰি লোকনিৰ্মাণ বিভাগৰ জালুকবাৰী আঞ্চলিক পথ বিভাগে নলা নিষ্কাষণ ব্যবস্থা উন্নয়নৰ কাম সম্পাদনাৰ বাবে নীলাচল উৰণ সেতুৰ আদাবাৰী ফালৰ ছাৰ্ভিচ পথ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে।

কাম সম্পূর্ণ নোহোৱালৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি আদাবাৰীৰ দিশৰ পৰা মালিগাঁও চাৰিআলিলৈ অহা বাহনসমূহ আদাবাৰী-পাণ্ডু প’ৰ্টৰ পথেৰে মালিগাঁও চাৰিআলিলৈ যাব পাৰিব। নীলাচল উৰণ সেতুৰ পাণ্ডু কেবিন ৰ’ডলৈ গৈ মালিগাঁও চাৰিআলিলৈ যাব পাৰিব।

আদাবাৰীৰ ফালৰ পৰা কামাখ্যা মন্দিৰ আৰু কামাখ্যা ৰে’লৱে ষ্টেচনলৈ যোৱা বাহনসমূহে ইয়াৰে যিকোনো এটা বিকল্প পথ ব্যৱহাৰ কৰিব পাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।