July 23, 2026 12:02 PM

views 2

নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ পথ আজিৰে পৰা সাময়িকভাবে বন্ধ থাকিব; বিকল্প পথৰ ব্যৱস্থা

নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ পথ আজিৰে পৰা সাময়িকভাবে বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত জিলা পথ সুৰক্ষা সমিতিয়ে যান-বাহনৰ চলাচলৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা এখন জাননী অনুসৰি লোকনিৰ্মাণ বিভাগৰ জালুকবাৰী আঞ্চলিক পথ বিভাগে নলা নিষ্কাষণ ব্যবস্থা উন্নয়নৰ কাম সম্পাদনাৰ বাবে নীলাচল উৰণ সেতুৰ আদাবাৰী ফালৰ ছাৰ্ভিচ পথ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে। কাম সম্পূর্ণ নোহোৱালৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি আদাবাৰীৰ দিশৰ পৰা মালিগাঁও চাৰিআলিলৈ অহা বাহনসমূহ আদাবাৰী-পাণ্ডু প'ৰ্টৰ ...