July 30, 2026 7:38 PM | cm flood golaghat

printer

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ স্পীলৱে গে’ট খুলি পানী এৰি দিয়া প্ৰক্ৰিয়া অব্যাহত

 নাগালেণ্ডৰ নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা ৮ বজালৈ জলাধৰৰ পানীৰ স্তৰ ৩২২ দশমিক ৪০ মিটাৰত আছে। প্ৰকল্পটোৰ ২, ৩ আৰু ৪ নম্বৰ স্পীলৱে গে’ট খুলি পানী এৰি থকা হৈছে। স্পীল ৱেৰ জৰিয়তে প্ৰতি চেকেণ্ডত প্রায় ৯৪ ঘনমিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ’ টিউব স্থাপনৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ’ টিউব স্থাপনৰ কাম ৬০ শতাংশ সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাঁজী বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালিশ্বেডিং আৰু জিঅ’বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাঁজী নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈৰ সোঁপাৰৰ শলমৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ’ টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে, ভোগদৈৰ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে।

যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে নাজিৰাৰ দুৰ্গম বানপীড়িত কেইবাখনো গাওঁত আজি জৰুৰী সাহাৰ্য্য অভিযানৰ অধীনত বান সাহাৰ্য্য বিতৰণ কৰে।

ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা ১৫ জনীয়া প্রতিনিধি দলে আজি উজনি অসমৰ চাৰিখন জিলা ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ ল’ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জী ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে ।

শিৱসাগৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও নাজিৰাৰ বিহুবৰ অঞ্চল এতিয়াও বানপৰৱৰ্তী ক্ষতিৰ পৰা উদ্ধাৰ হোৱা নাই।