October 9, 2026 11:18 AM | niti ayog

printer

নীতি আয়োগৰ অভিলাষী জিলা কাৰ্যসূচীৰ অধীনত ত্ৰিপুৰাত নাটকীয় পৰিৱৰ্তন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূর্ণ কৰিছে আৰু সম্পূর্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সর্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমর্থ হৈছে। এই শৃংখলাত আজি ত্ৰিপুৰাত অভিলাষী জিলা আৰু প্ৰাণৱন্ত গাঁও আঁচনিৰ মাজেৰে কিদৰে এই দৃষ্টিভংগী বাস্তৱায়িত কৰা হৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে।

নীতি আয়োগৰ অভিলাষী জিলা কাৰ্যসূচীৰ অধীনত ত্ৰিপুৰাৰ দূৰণিবটীয়া ঢলাই জিলাত নাটকীয় পৰিৱৰ্তন ঘটিছে। মাতৃত্বকালীন স্বাস্থ্য সেৱা, প্রাথমিক শিক্ষা, ক্ষুদ্র জলসিঞ্চন, শিক্ষাৰ মান আৰু গ্রামাঞ্চলৰ পথ যোগাযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা লক্ষ্য নির্ধাৰিত ব্যৱস্থাৰ ফলত জিলাখনত আর্থসামাজিক স্থিতি ক্রমান্বয়ে উন্নত হৈছে। বাস্তৱিক সময়ভিত্তিক ডেল্টা ৰেংকিং আৰু প্ৰদৰ্শন আধাৰিত উদগনিৰ বলত জিলাখনে নিৰন্তৰ সমগ্ৰ দেশৰ শ্ৰেষ্ঠ পাৰদৰ্শন কৰা জিলাসমূহৰ তালিকাত স্থান পাবলৈ সমর্থ হৈছে। জিলাখন তথ্য ভিত্তিক প্রশাসন আৰু স্বনীয় সম্পদৰ সমন্বয়ে এসময়ত পিছ পৰি থকা জনজাতীয় অঞ্চলসমূহক কিদৰে তৃণমূল পর্যায়ৰ উন্নয়নৰ আৰ্হিলৈ ৰূপান্তৰ কৰিছে তাৰ উজ্জ্বল নিদর্শন হৈ পৰিছে।

ভাইব্রেন্ট ভিলেজ কার্যসূচীয়ে বাংলাদেশৰ সৈতে থকা ত্ৰিপুৰাৰ ৮৫৬ কিলোমিটাৰ জোৰা সীমান্তৰ সমীপৰ গাঁওসমূহক স্বাৱলম্বী কৰি তুলিছে। অত্যাধুনিক ডিজিটেল নেটৱৰ্ক, সকলো সময়তে ব্যৱহাৰৰ উপযোগী পথ, নলযোগে খোৱা পানী যোগান আৰু সৌৰ শক্তি কেন্দ্রিক উদ্যমসমূহে দীর্ঘদিনীয়া আন্তঃগাঁথনি ব্যবধান দূৰ কৰিছে। এই উদ্যমে স্থানীয় হস্তশিল্প, পৰিৱেশ অনুকূল পর্যটন আৰু সীমান্ত ব্যৱসায়ত উদগনি যোগাই স্থানীয় ব্যবসায় সূচল কৰি তুলিছে, প্ৰব্ৰজন ৰোধ কৰিছে আৰু সক্রিয় তথা দৃঢ় সীমান্তবর্তী সমাজ গঢ়ি ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰাত সহায় কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ এই দ্বৈত উদ্যমে ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলৰ গাঁথনিগত আৰু ভৌগোলিক উভয় প্ৰকাৰৰ ব্যৱধান দূৰ কৰিছে। দূৰনিবটীয়া অনগ্ৰসৰ খণ্ডসমূহত মানৱ সম্পদৰ বিকাশ আৰু সীমান্তৱৰ্তী অঞ্চলৰ কৌশলগত যোগাযোগ ব্যৱস্থাৰ উন্নয়নেৰে এই কাৰ্যসূচীসমূহে দুর্গম অঞ্চলৰ পৰা সীমান্তৰ গাতে লাগি থকা গাঁৱৰ প্ৰতিগৰাকী নাগৰিকক ৰাজ্যখনৰ সামগ্ৰীক বিকাশ গাঁথাত অন্তর্ভুক্ত কৰাটো নিশ্চিত কৰিছে।