June 21, 2026 6:06 PM | NTA NEET UG

printer

নীট ইউজি পৰীক্ষা পুনৰ সম্পন্ন

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ ৫৫১ খন আৰু বিদেশৰ ১৪ খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ২২ লাখ ৭৯ হাজাৰ। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ ৮৭টা পৰীক্ষাকেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচি টিভি আৰু বায়’মেট্রিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্রিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্রশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অর্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে।