June 21, 2026 6:06 PM

views 11

নীট ইউজি পৰীক্ষা পুনৰ সম্পন্ন

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ ৫৫১ খন আৰু বিদেশৰ ১৪ খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ২২ লাখ ৭৯ হাজাৰ। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ ৮৭টা পৰীক্ষাকেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচি টিভি আৰু বায়'মেট্রিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্রিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্রশ্...

June 28, 2024 8:22 PM

views 46

নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক আশ্বাস, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নীটত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকলক এইবুলি আশ্বাস দিয়ে যে, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ বিষয়টো লৈ অতিকে সংবেদনশীল। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰ সদনত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সাজু আছে।

June 18, 2024 8:16 PM

views 52

নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগ সম্পর্কে কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বছৰৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সম্পর্কে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা অর্থাৎ এন টি এক জাৰি কৰা জাননীত এই পৰীক্ষাত কোনো ধৰণৰ অনিয়ম সংঘটিত হ'লে বিষয়টো স্বচ্ছভাৱে নিষ্পত্তি হোৱা প্ৰয়োজন বুলি উল্লেখ কৰিছে।

June 9, 2024 8:02 PM

views 56

ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক প্ৰদান কৰা বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন চাৰিজনীয়া সমিতি গঠন

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষাত ১৫০০ ৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক প্ৰদান কৰা বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন চাৰিজনীয়া সমিতি গঠন কৰিছে। সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্রধান সুবোধ কুমাৰ সিঙে কয় যে এই সমিতিখনৰ নেতৃত্বত থাকিব ইউ পি এছ চিৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ। এন টি এৰ মুৰববীগৰাকীয়ে কয় যে, সমিতিয়ে এসপ্তাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব আৰু ইয়াৰ পাছতে এই প্ৰাৰ্থীসকলৰ ফ...