নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ হৈ যোৱা পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য কালি প্রকাশ কৰিছে। নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ত আয়োগে প্রকাশ কৰা ভোটদানৰ হাৰ বিসংগতিপূর্ণ বুলি বিৰোধী ৰাজনৈতিক দলসমূহে কৰি অহা অভিযোগক নসাৎ কৰি কালি আয়োগে ভোটদানৰ হাৰ সাল-সলনি কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে বুথ পৰ্যায়ৰ ভোটদানৰ হাৰ আয়োগক প্ৰকাশ কৰিবলৈ নির্দেশনা দিব লাগে বুলি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল যদিও যোৱা ২৪ মে’ত ন্যায়ালয়ে এই আবেদন অগ্রাহ্য কৰি আয়োগক নির্দেশনা দিবলৈ অস্বীকাৰ কৰিছিল।
Assamese | May 26, 2024 12:42 PM | Election Commission
নির্বাচন আয়োগৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটগ্রহণৰ সম্পূর্ণ তথ্য প্রকাশ