প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকুম্ভক একতাৰ মহাযজ্ঞ বুলি অভিহিত কৰিছে। তেওঁ কয়, যে নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে দেশৰ ভৱিষ্যত ৰচনা কৰাৰ বাবে এয়া হৈছে ৰূপান্তৰৰ আৰম্ভণি। মহাকুম্ভত বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰাটো কেৱল এটা অভিলেখেই নহয়, বৰঞ্চ ই শতিকা শতিকা জুৰি দেশৰ বৰ্ণাঢ্য ঐতিহ্য আৰু সংস্কৃতিৰ শক্তিশালী ভেটি স্থাপন কৰিলে। মহাকুম্ভৰ সফল সমাপ্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণৰ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ শলাগ লয়। তেওঁ কয়, যে বিগত ৪৫ দিনত প্ৰয়াগৰাজত বিপুল সংখ্যক ভক্তৰ সমাহাৰে ১৪০ কোটি ভাৰতীয়ৰ বিশ্বাসক প্রতিফলিত কৰিলে। সমাজৰ সকলো শ্ৰেণীৰ লোক একত্ৰিত হোৱা এই মহাকুম্ভ সঁচাকৈ অভিনৱ আছিল বুলি শ্ৰী মোদীয়ে মত-প্ৰকাশ কৰে।
Assamese | February 27, 2025 2:43 PM | Mahakumbha | narendra modi | PMO India
নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছেঃ প্রধানমন্ত্ৰী