নিচাযুক্ত দ্রব্য নির্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্যজুৰি ব্যাপক মাদক দ্রব্য ধ্বংস অভিযান

নিচাযুক্ত দ্রব্য নির্মূলৰ দিশত গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্রব্য ধ্বংস অভিযান চলোৱা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰী দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কার্যালয়ত আয়োজিত কার্যসূচীত ৪৭২.৫১ কোটি টকা মূল্যৰ মাদক দ্রব্য ধবংস কৰা হয়।

মুখ্যমন্ত্ৰীয়ে ৰোড ৰ’লাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি যাব বুলি প্রতিশ্রুতি দিয়ে।আজি ধবংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰ’ইন, ভাং, কফ ছিৰাপ, য়াবা টেবলেট, আফিং, অপিয়াম আদি।

এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্রায় ২ কোটি ৪০ লাখ টকা মূল্যৰ মাদক দ্রব্য ধ্বংস কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্রান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰ’ইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত ২২ নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধিন্দ্ৰ নাথ মৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে।

মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্রায় ৫৫ লাখ টকা মূল্যৰ মাদক দ্রব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ ৪ লাখ টকা, দুখন বিলাসী বাহনৰ লগতে ৬ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।

ড্রাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আজি ৫ কোটি ১৬ লাখ ৩১ হাজাৰ ৮১০ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্রী নষ্ট কৰা হয়। বৰপেটা জিলা আৰক্ষী নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্রাউন ছুগাৰ, ভাং, কফ ছিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল।

 বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায়-সহযোগিতা কামনা কৰে।

তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বুজন পৰিমাণৰ মাদক দ্রব্য বিনষ্ট কৰা হয়। জিলা আৰক্ষীয়ে বিগত সময়ত অভিযান চলাই ৭১ লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কার্যসূচীত উপস্থিত থাকে।

বজালী জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্রী ধবংস কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষীক অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে।

জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে ১৩ লাখ টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰে। জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্রিয় সহযোগিতা কামনা কৰিছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ চোমৰাশালী কোদালদোৱা অঞ্চলত প্রায় ৬ কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।