July 12, 2026 8:06 PM
1
নিচাযুক্ত দ্রব্য নির্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্যজুৰি ব্যাপক মাদক দ্রব্য ধ্বংস অভিযান
নিচাযুক্ত দ্রব্য নির্মূলৰ দিশত গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্রব্য ধ্বংস অভিযান চলোৱা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰী দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কার্যালয়ত আয়োজিত কার্যসূচীত ৪৭২.৫১ কোটি টকা মূল্যৰ মাদক দ্রব্য ধবংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোড ৰ'লাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি যাব বুলি প্রতিশ্রুতি দিয়ে।আজি ধবংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰ'ইন, ভাং, কফ ছিৰাপ, য়াব...